Emily Dickinsonৰ কবিতা ‘Hope is the thing with feathers’ৰ অসমীয়ালৈ অনুবাদ
আশা এটি পখী
অসমীয়ালৈ অনুবাদ – (পুলক জ্যোতি শৰ্মা)
আশা এটি দুপাখি মেলি উৰা পখী
বুকুৰ মাজতে লয় আহি থিতাপি
গুণগুণাই থাকে এটি শব্দবিহীন সুৰ
নিৰন্তৰ নিৰৱধি
প্ৰচণ্ড বামাৰলিৰ মাজতো শুনো
অমিয়া মধুৰ সেই সুৰ
হয়তো সৰ্বনাশী কালধুমুহাতহে পৰিব নিতাল
কণমানি পখীটিৰ মাত
সবাৰে হৃদয় যি কৰি ৰাখে জুৰ
শুনিছোঁ সেই সুৰ দুৰ্যোগৰ অমানিশাত
শুনিছোঁ অথাই সাগৰৰ মাজত
পাৰ হৈ যায় কত বিলাই কত বিপত্তি
যতিহীন সেই সুৰ তথাপি
নিবিচাৰি কেতিয়াও প্ৰতিদান এধানি
Hope is the thing with feathers
Emily Dickinson
Hope is the thing with feathers
That perches in the soul
And sings the tune without the words
And never stops at all
And sweetest - in the Gale – is heard
And sore must be the storm
That could abash the little bird
That kept so many warm
I’ve heard it in the chillest land
And on the strangest sea
Yet – never - in Extremity
It asked a crumb of me